Based on an incident narrated by my my nephew, Amlan, and partly on my imagination. Wrote in my mother tongue, Assamese (Axomiya), first and translated.
One little girl dressed in tattered clothes
On the footpath, barely noticeable
Old ice cream vendor pushing his ice cream cart
Stationed in front of the elite school to earn his daily bread
School is over, students rushing out eager to go home
Ice cream on a hot day, tempting, earning should be good today
Parents,anxiously waiting to take their wards home
Lots of work still to be finished, homework and all
Little girl unaware of the students milling around
Her lustful gaze fixed on the icecreams in their hands
Sudden commotion, daily peaceful ritual disrupted
Little girl with tattered clothes midst of students neatly dressed
Ice cream vendor cursing and scolding, little girl sneering
Her demand for leaving, must have a ice cream today
Even if he wants, he can’t give it free
His family’s daily meal depends on his earnings
Took out Rs. Ten and gave it to the little girl
Glaring eyes,sneer on her lips, ice cream in her hands, she left
Heart filled with sadness and images of future’s ominous clouds
One day,as a citizen of the country,won’t she claim her birth rights
If that demand on future takes a dangerous destructive turn
Instead of ice cream,to claim her rights, she takes up a gun
Administration, that day, will spend millions of ten rupees bill
Crush under their boots,they will, her demand to live with dignity
Will this five years old little girl live till that day
Or much before be a footnote in the inside pages of local newspapers
A news item that nobody read, discarded to societal amnesia
Rs. Ten = approximately 15 cents US
দহ টকাৰ নোটখন
এজনী ছোৱালী, অকণমানি সৰু ছোৱালী
ফটা ছিটা কাপোৰেৰে ফুটপাথত, চকুত পৰাৰ কোনো কাৰণ নাই
বুঢ়া আইচক্ৰীমৱালা আইচক্ৰীমৰ গাড়ীখন ঠেলি
প্ৰাইভেট স্কুলখনৰ গেটৰ সন্মুখত, দিনৰ শেষত কিছু উপাৰ্জনৰ আশাত
এজাক ছাত্ৰ ছাত্ৰীৰ দল, স্কুল ছুটীৰ পিছত ঘৰলৈ
আইচক্ৰীমৱালাৰ সন্মুখত ভীড় , উপাৰ্জন ভালেই হব
অস্হিৰ অভিভাৱকৰ দল, ঘৰলৈ যাবৰ সময়
আগত বহুতো কাম, লৰা ছোৱালীৰ স্কুলৰ
ছোৱালীজনীৰ চকু ওলাই আহা ছাত্ৰ-ছাত্ৰী বোৰৰ ওপৰত নহয়
তাইৰ লোলুপ দৃষ্টি সিহঁতৰ হাতৰ আইচক্ৰীম বোৰত
দৈনন্দিন ডুখৰীয়া ছবিত হঠাতে ব্যতিক্ৰম ঘটিল
ধুনীয়া পোছাক পিন্ধা লৰা ছোৱালী জাকৰ মাজত ছোৱালীজনী
আইচক্ৰীমৱালাৰ ধমকি, ছোৱালীজনীৰ ওঠত ভেঙুচালি
তাইক আজি লাগিবই, নহলে নাযায়, দাবী
দিবলৈ ইচ্ছা থাকিলেও বিনামূলীয়াকৈ দিবৰ উপায় নাই
আইচক্ৰীম বিক্ৰীৰ উপাৰ্জনৰে ঘৰখন টুকটাককৈ চলায়
পৰিবাৰৰ পৰা টকা দহটা লৈ ছোৱালীজনীলৈ আগবঢ়াই দিলো
চকুত আগ্নেয়গিৰি, হাতত আইচক্ৰীম, ওঠত ভেঙুচালি লৈ তাই আতৰি গ ল
মন বিষাদৰে ভৰিল অনাগত ভৱিষ্যতৰ অশনি সংকেতত
স্বাধীন দেশৰ নাগৰিকৰ প্ৰাপ্য ছোৱালীজনীয়ে দাবী নকৰিব জানো
সেই দাবীয়ে যদি সেইদিনা ধংসাত্মক ৰূপ লয়
নিজৰ প্ৰাপ্য সাব্যস্ত কৰিবলৈ হাতত মৰণাস্ত্ৰ তুলি লয়
ৰাষ্ট্ৰীয় শাসনযন্ত্ৰই সেইদিনা হয়তো বহলাখ দহটকীয়া নোট খৰছ কৰিব
স্বাধীন দেশৰ নাগৰিকৰ আত্মসন্মানৰে জীয়াই থকাৰ অধিকাৰ মোহাৰি পেলাবলৈ
পাঁচবছৰীয়া ছোৱালীজনী সেই দিনটোলৈ বাচি থাকিবনে
হয়তো তাৰ বহু আগতেই দৈনিক বাতৰিকাকতৰ ভিতৰৰ পৃষ্ঠাৰ তলত
কোনেও নপঢ়া এটা সংবাদ হৈ পাহৰণিৰ গৰ্ভত হেৰাই যাব