Red Hot Tongue of Fire

My home state, California, specifically northern California is burning, fires ignited by dry lightning. Many had to flee their homes to safety as firefighters fight valiantly to tame the fires. The poem below was written in English yesterday and than translated to my mother tongue Assamese (Axomiya) about my feelings of the last few days as the fires rage on.

between sunset and sunrise,
lies the vagaries of the night,
destiny rings the bell,
lightning strikes,
dreams go up in flames.

as you flee,
as you flee,
you look back,
and there is
nothing to see,
there against the darkness,
dances the red hot tongue,
ravenous to devour all
in its path.

tears no match to
quench its thirst,
a scorched earth silently
curses a heartless sky,
and at sunrise,
sun hides its face, ashamed,
taking cover behind the
smoke screen.

as the tired bodies throw
themselves at the roaring monster,
nature claims victory
over the mortals,
dawn breaks,
a new day of dashed hopes,
and for many,
nowhere to go.

অগ্নিৰ লেলিহান শিখা

সুৰ্যাস্ত আৰু সুৰ্যোদয়ৰ মাজত
খেয়ালী নিশাৰ সপোনৰ খেল,
দূৰৈত নি‌‌য়তিৰ কূটিল হাঁহি,
বিজুলীৰ নাচোন,
ধোঁৱা হৈ উৰি গ’ল
সোণালী সপোন।

পলোৱা, পেলোৱা,
পিছলৈ ঘূৰি চাই দেখিবা কি?
অন্ধকাৰ আকাশৰ চিত্ৰপটত
নাচে জলন্ত অগ্নিৰ
ৰক্তিম লেলিহান শিখা,
সমুখত সকলো কৰি ভস্মীভূত,
প্ৰচণ্ড ক্ষুধাত
অগ্ৰগামী মূৰ্তিমান বিভীষিকা।

চকুপানীত তোমাৰ
নহয় পূৰণ তৃষ্ণা তাইৰ,
অগ্নিদগ্ধ ধৰণীয়ে দিয়ে অভিশাপ
হৃদয়হীন শুকান আকাশক।
আৰু সুৰ্যোদয়ত?
লজ্জিত অৰুণে
ছাঁই হৈ যোৱা সপোনৰ
ধোঁৱাৰ ওৰণি তলত,
লাজতে লুকাই মুখ।

ক্লান্ত দেহবোৰে যেতিয়া
ৰুধিবলে ক্ষুদ্ধিত বহ্নিৰ অগ্ৰসৰ
মৃত্যুকো নেওচি পৰে জপি‌য়াই,
প্ৰকৃতিয়ে মৰণশীল মানৱৰ ওপৰত
কৰে বিজয় ঘোষণা।
দিগন্তত তেতিয়া ৰাতিপুৱাৰ আভাষ,
এটা নতুন দিন ভগ্ন সপোনৰ,
আৰু বহুজনৰ
সপোনৰ শেষ,
নাই কোনো ঘৰ
ঘূৰি যাবলৈ।