A few scattered pearls: সিঁচৰিত মুকুতা মণি

I generally write in any one of the four languages I know and then I translate sometimes to others. Normally, it’s confined to English and my mother tongue, Assamese (Axomiya). The one liner poems below, I started writing as it came and started translating simultaneously. For convenience of my readers, I am placing the English one first followed by the Assamese. However, they were not written and translated in any particular order.

Walking up a moonbeam to meet your love, have you seen your dreams shattered?
প্ৰেয়সীৰ সন্ধানত জোনাকৰ পম খেদি গৈ,দেখিছানে সপোন চুৰমাৰ যোৱা হৈ?


Looking up at the sky on a dark night, have you seen your dreams diffused among the glittering lights?
এন্ধাৰ নিশা তৰাবছা আকাশলৈ চাই, দেখিছানে সপোন তোমাৰ তৰালীৰ মাজত যোৱা হেৰাই?


If ever I lose myself in my poems, look for me among the few scattered pearls between the lines.
কেতিয়াবা যদি হেৰাই যাওঁ মোৰ কবিতাৰ মাজত, বিচাৰিবা মোক কবিতাৰ শাৰীৰ এমুঠি সিঁচৰিত হৈ থকা মুকুতা মণিত।


Not a purveyor of dreams unrealistic, my imagination takes flight seeking the unknown.
নহ‌ওঁ অলীক সপোনৰ পিয়াসী, মন মোৰ উৰা মাৰে অজানৰ সন্ধানত।


Why the moon has such a fatal attraction, I only look for beauty where none exists.
কিয় বাৰু জোনাকে মোক কৰে আকৰ্ষণ, মইতো মাথোঁ নোহোৱাতো কৰো সৌন্দৰ্য্যৰ অন্বেষণ।


There are more where it came from, just afraid that if I bared all, there will be no tomorrow.
আছে আৰু বহুতো গোপনে বুকুত, ভয় হয় যদি দিওঁ নিজকে উজাৰি, নেদেখিম পুৱাৰ সূৰ্যোদয়।


Moonbeams’ walk

Wrote this poem today morning and then translated to my mother tongue Assamese (Axomiya). Posting them in the same sequence here.

Have you seen
the moonbeams walk?
sometimes they
light your paths,
sometimes they
cast shadows,
sometimes they fill
your heart with joy,
sometimes they make
it bleed raw,
sometimes they get lost
in the glitter of city lights.
but when the moonbeams
walk into your heart,
keep it safe,
because on the darkest night
of your life,
you will need the moonbeams
to navigate,
and light your path
with fireflies.

জোনাকৰ খোজ

দেখিছানে কেতিয়াবা
জোনাকে তোমাৰ লগত
কৰা বিচৰণ?
কেতিয়াবা আলোকিত
কৰি তোমাৰ পথ,
কেতিয়াবা ছাঁয়াৰ বোলেৰে
আকে পট,
কেতিয়াবা আনন্দৰে
উজলাই হিয়া,
কেতিয়াবা হৃদয় কৰে
বিষাদে ভৰা,
আৰু কেতিয়াবা জোনাক
হেৰাই যায় চহৰৰ
ৰঙচঙীয়া সন্ধিয়াত।
কিন্তু কেতিয়াবা জোনাক
যদি সোমাই তোমাৰ অন্তৰত,
সাঁচি থবা আলফুলকৈ,
জীৱনৰ ঘনঘোৰ
অন্ধকাৰ দিনটোত,
উজলাব তোমাৰ পথ,
জোনাকী পৰুৱা হৈ।