I wrote this poem today morning in my mother tongue Assamese (Axomiya) and then translated to English. Original Axomiya poem is posted below the English translation.
Searching for stars,
Oblivious,
I was lost
In the expanse
Of the deep blue sky;
Unknown to me
Through the open window
You entered my heart,
And became the
Star of my sky;
If you ventured to come,
Why didn’t
Close the window
Behind you;
Who knew that
The twinkling star
Would burn so hot;
Today I am searching
For a little
Moon light,
To sooth my
Scorched heart,
Burnt by agony of loss;
Window to my heart
Is closed shut now,
I don’t search for stars
In the expanse
Of the deep blue sky
Anymore.
তৰাৰ সন্ধানত
মইতো আপোন পাহৰা হৈ
বিলীন হৈ গৈছিলোঁ
নীলিম গগণত,
তৰাৰ সন্ধানত;
অজানিতে মোৰ
খোলা খিড়িকীৰে
হৃদয় আকাশত
কৰিলা প্ৰবেশ,
মোৰ কলিজাৰ
তৰা হৈ;
আহিছিলাই যদি
নিদিলা কিয়
বন্ধ কৰি
খিড়িকীখন,
কোনে জানিছিল
তিৰেবিৰাই থকা তৰাটিৰ,
উত্তাপ হ’ব ইমান তীব্ৰ,
আজি বিচাৰি ফুৰিছোঁ মই
এধানি জোনাক,
হেৰাই যোৱাৰ বেদনাত
জ্বলি পুৰি চাৰখাৰ হৈ যোৱা
হৃদয়ত
প্ৰলেপ দিবলৈ;
নকৰোঁ আৰু মই
তৰাৰ সন্ধান
অসীম নীলিমত,
বন্ধ কৰি থলো মোৰ
হৃদয়ৰ জপনাখন।