The rains! Ah, it’s still a long wait to autumn during mid-summer. But what a poor soul can do but to dream. So here is an ode to the summer winds to bring the rains. I have added the translation to my mother tongue Axomiya (Assamese) below the original English.
O’ summer winds,
Bring on the rains,
The perched earth waits,
Thirsty,
Its heart broken
and cracked to pieces,
The grass, golden,
swings in the wind,
dancing languidly;
The song bird
searches in vain,
The blazing sun
in the azure skies,
scorched its throat
waiting for the rain drops.
O’ summer winds,
Bring on the rains,
and wash away
this pervasive gloom,
Let the flowers bloom,
The grass green
swings in the winds,
The songbird sings,
As my beloved
sways to the tune,
the shift
on her rain drenched body
clings to her curve,
undulating gently,
Now in focus, now out,
My blood rushes
with each rise and fall.
As the smell
of a perched earth,
smitten by the first rain
wafts up
and the sweet smell of love
drips down her body,
Fertile dreams
in the winds,
There is pure glee
all around.
হে গ্ৰীষ্মৰ উষ্ণ বতাহ
হে গ্ৰীষ্মৰ উষ্ণ বতাহ
লৈ আহা তোমাৰ সতে
ৰিমঝিম বৰষুণ ,
শুষ্ক ধৰণী,
ভগ্নহৃদয়
ভাঙি চিঙি চুৰমাৰ,
তৃষ্ণাতুৰ,
অপেক্ষাত;
সোণালী ঘাঁহনি
বতাহত হালিজালি
নাচে ধীৰে ধীৰে,
গীত গোৱা পখিটিৰ
বৃথা অন্বেষণ,
নীলিম গগণত
জ্বলন্ত ৰবিয়ে
ডেই নিয়ে কণ্ঠ তাইৰ,
প্ৰতীক্ষাত এটুপি বৃষ্টিৰ।
হে গ্ৰীষ্মৰ উষ্ণ বতাহ
লৈ আহা তোমাৰ সতে
ৰিমঝিম বৰষুণ
উটুৱাই নিয়া এই
সৰ্বব্যাপী বিষণ্ণতা;
ফুলক আকৌ ফুল,
হিলদোল ভাঙি বতাহত
নাচক সেউজী ঘাঁহনি,
গীত গাওক পখীটিয়ে,
গীতৰ সুৰে সুৰে যেতিয়া
ককাল ভাঙি ভাঙি
নাচে মোৰ প্ৰেয়সীয়ে,
দেহৰ প্ৰতিটো খাজত
লিপিট খাই থকা
বৰ্ষাসিক্ত বসনৰ মাজেৰে
ধীৰে উঠা নমা কৰা
এই দেখো,
এই হেৰাই যোৱা
প্ৰতিটো ভাজে,
হৃদয়ত মোৰ
তোলে হিল্লোল।
প্ৰথম বৰ্ষাৰ পৰশৰ
শুকান মাটিৰ গোন্ধ,
উটি ভাহি
মিলি যায় যেতিয়া
প্ৰেয়সীৰ দেহৰ পৰা
জিৰজিৰ কৰি সৰিপৰা
পিৰিতিৰ মধুৰ সুগন্ধত,
উৰি আহে বতাহত
উৰ্বৰ সপোন;
চৌদিশে আনন্দৰ ঢল।
প্ৰণবেন্দ্ৰ শৰ্মা জুলাই ৩০,২০২২
চান হ’জে কালিফোৰ্ণিয়া